ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে জিতুই…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গ’ল এজন বাইক আৰোহীৰ।

নগাঁও জিলাৰ কলিয়াবৰৰ গোমোঠাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত যুৱকজন কলিয়াবৰৰ চতিয়ালৰ জিতু মণি বৈশ্য বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, অচিনাক্ত ট্ৰাকৰ খুন্দাত নিহত হোৱা যুৱকজন কলিয়াবৰ বৈদ্যুতিক সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী আছিল।

এ এছ ১২ ৱাই ৫২৪৪ নম্বৰেৰ এখন বাইকৰে ঘৰলৈ গৈ থকা অৱস্থাতে দ্ৰুতবেগী ট্ৰাকে খুন্দিয়াই যুৱকজনক।

যাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই জিতুমণিয়ে।