নিউজ ডেস্কঃ মংগল গ্ৰহলৈ যাবলৈ সাজু অসম সন্তান তথা প্ৰখ্যাত অভিনেতা আদিল হুছেইন।
ইতিমধ্যে নাছাৰ পৰা বৰ্ডিং পাছো লাভ কৰিছে অভিনেতাগৰাকীয়ে।
টুইটাৰত এই কথা নিজেই অৱগত কৰি অভিনেতা আদিল হুছেইনে কয় যে ২০২৬ৰ জুলাই মাহত ফ্ল’ৰিডাৰ কানাভেৰালৰ পৰা মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰলৈ এই অভিযান চলোৱা হ’ব।
অৱশ্যে এই যাত্ৰা শাৰীৰিকভাৱে নহয় বুলিও স্পষ্ট কৰি দিয়ে আদিল হুছেইনে।
টুইটাৰত প্ৰখ্যাত অভিনেতাগৰাকীয়ে লিখিছে, “মোক নাছাৰ দ্বাৰা এই বৰ্ডিং পাছ জাৰি কৰা হৈছে। এই মংগল অভিযান ২০২৬ চনৰ জুলাই মাহত ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা মংগল গ্ৰহৰ জেজিৰো ক্ৰেটাৰলৈ উৰা মাৰিব। অৱশ্যে এয়া শাৰীৰিকভাৱে কৰা ভ্ৰমণ নহয়।”
I have just been issued this Boarding Pass by @Nasa. This Mars Mission Takes off in July 2026 from Cape Canaveral, Florida to Jezero Crater on Mars. 😁😁😁.. Not travelling Physically though. pic.twitter.com/gFQANa76Tn
— Adil hussain (@_AdilHussain) April 1, 2023
উল্লেখ্য যে, ইয়াৰ পূৰ্বে নাছাই মহাকাশযান এখনত মংগল গ্ৰহলৈ মানুহৰ নাম প্ৰেৰণৰ এক পদক্ষেপ আৰম্ভ কৰিছিল।
বিগত সময়ত পাৰ্চেভাৰেন্স ৰভাৰখনে ইলেক্ট্ৰন ৰশ্মিৰ জৰিয়তে প্লেকাৰ্ডত নখৰ আকাৰৰ চিপত খোদিত কৰা ১০,৯৩২,২৯৫ জন লোকৰ নাম কঢ়িয়াই মংগল গ্ৰহলৈ যাত্ৰা কৰিছিল।
এই পদক্ষেপৰ সফলতাৰ পিছত নাছাই পুনৰ ২০২০ চনৰ মাজভাগত নাছাৰ ভৱিষ্যতে মংগল গ্ৰহলৈ যোৱা অভিযানত পৃথিৱীবাসীক নিজৰ নাম খোদিত কৰিবলৈ অনুমতি প্ৰদান কৰে।
অৱশ্যে বৰ্ডিং পাছত ২০২৬ চনৰ জুলাইৰ ভ্ৰমণৰ তাৰিখ নিৰ্দিষ্ট কৰা হয়।
নাছাই জাৰি কৰা বৰ্ডিং পাছত লিখা আছে- “বৰ্ডিং পাছ- ফিউচাৰ মাৰ্ছ মিছন’’।
বৰ্ডিং পাছত থকা উৎক্ষেপণ স্থান পৃথিৱীৰ ফ্ল’ৰিডাৰ কেপ কানাভেৰেল বায়ুসেনা ষ্টেচন বুলি চিহ্নিত কৰা হৈছে আৰু মংগল গ্ৰহত অৱতৰণৰ স্থান জেজিৰ’ ক্ৰেটাৰ নিৰ্ধাৰণ কৰা হৈছে।
এই পৰ্যন্ত ২২,৯৯,৯১৭৭ জন লোকে নিজৰ নাম মংগল গ্ৰহলৈ প্ৰেৰণ কৰিবলৈ ইতিমধ্যে পঞ্জীয়ন কৰিছে।









