ভয়াবহ! নিৰ্মীয়মাণ অভাৰ ব্ৰীজত ওলমি ৰ’ল মালবাহী ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালকৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন মালভৰ্তি ট্ৰাকৰ লগতে চালক। এই দুৰ্ঘটনা সংঘটিত হৈছে কলিয়াবৰত।

কলিয়াবৰৰ নতুনকৈ নিৰ্মাণ কৰি থকা অভাৰব্ৰীজখনেৰে ট্ৰাক চালকে ট্ৰাকখন চলাই নিয়াৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিং পাৰ হৈ বাগৰি পৰাৰ উপক্ৰম হয়।

photo1662373568
ভয়াবহ! নিৰ্মীয়মাণ অভাৰ ব্ৰীজত ওলমি ৰ’ল মালবাহী ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালকৰ 2

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সেই সময়ত ট্ৰাক চালকজন সুৰাসক্ত হৈ থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে কথমপি ট্ৰাকখন অভাৰ ব্ৰীজৰ পৰা বাগৰি নপৰাকৈ থাকে।

উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ আছিল মালবাহী ট্ৰাকখন। ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ ট্ৰাকসহ চালকজনক আটক কৰে।