অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, ১৫ টাকৈ ম’হৰ কৰুণ মৃত্যু…

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৫ টাকৈ ম’হৰ মৃত্যু।

নিশা বঙাইগাঁৱৰ ৰাখালডুবিত ৩১ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত ১৫ টাকৈ ম’হৰ ম়ত্যু হোৱা বুলি জানিব পৰা গৈছে।

NL-02Q-5457 নম্বৰৰ বাহন এখনে কঢ়িয়াই আনিছিল পঁচিশ টাকৈ ম’হ।

সন্দেহ কৰা অনুসৰি বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাত ম’হ ১৫ টাৰ মৃত্যু ঘটে।

সম্প্ৰতি বাহনখনৰ লগতে জীৱিত ম’হ কেইটা উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে।

আনহাতে দুৰ্ঘটনাৰ পিছতে বাহনখনৰ চালক পলায়ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *