অসম

অতিৰিক্ত উপায়ুক্ত লখিমী দত্তলৈ শ্ৰেষ্ঠ জিলা নির্বাচনী বিষয়াৰ ৰাজ্যিক বঁটা…

বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তলৈ শ্ৰেষ্ঠ জিলা নির্বাচনী বিষয়াৰ ৰাজ্যিক বঁটা

বিগত বিধানসভা নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ সফলতা আৰু পাৰদৰ্শিতাৰ বাবে সেইসময়ত নাজিৰাত ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তলৈ শ্ৰেষ্ঠ জিলা নির্বাচনী বিষয়াৰ ৰাজ্যিক বঁটা আগবঢ়োৱা হৈছে।

মঙলবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মাছখোৱাৰ আই আই টি সভাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে লখিমী দত্তক এই বঁটা আগবঢ়াব।

লখিমী দত্তই ছবৰীয়া আৰু আঢ়ৈ বছৰীয়া দুই সন্তানক কোলাত লৈ মাতৃত্বৰ দায়িত্বৰ সমান্তৰালভাৱে নিৰ্বাচনী বিষয়া হিচাপে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিছিল।

যাৰবাবে আন তিনিগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াৰ সৈতে তেওঁ একমাত্ৰ ৰাজ্যিক প্ৰশাসনীয় বিষয়া হিচাপে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, লখিমী দত্তৰ সৈতে ৰাজ্যৰ আন তিনিগৰাকী বিষয়া ক্ৰমে বঙাইগাঁওৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্রিয়া, যোৰহাটৰ উপায়ুক্ত ৰৌশনী অপৰাঞ্জি আৰু ৰঙিয়াৰ জিলা নির্বাচনী বিষয়া স্বপনীল পালও এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

ইপিনে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠককো বিগত বিধানসভা নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বিশেষ বঁটা আগবঢ়াইছে ৰাজ্যিক নিৰ্বাচন আয়োগে।

ৰাজ্যৰ মুঠ ২৭ গৰাকী বিষয়াক নিৰ্বাচনী কাম কাজ পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *