ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল তীব্ৰবেগী বাহন, গুৰুতৰভাৱে আহত এজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল এখন তীব্ৰবেগী বাহন।

ধূপধৰাত খেকাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে বাহনখনৰ চালকৰ আসনত থকা লোকজন।

আহত লোকজন দুধনৈ জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মিণ্টু চক্ৰৱৰ্তী।

তীব্ৰবেগী গ্ৰেণ্ড আই-১০ বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ হৈছে- এএছ ০১ডিএল ৬০৭০ ।

ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ আহত লোকজনক ধূপধৰা বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়।

আৰক্ষী সূত্ৰে আহত লোকজন বৰ্তমান সংকট মুক্ত বুলি জানিব পৰা গৈছে।