অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল।
কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰক বদলি।
গোলাঘাটৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৰমনদীপ কৌৰক।

অসম চৰকাৰৰ গৃহ প্ৰশাসক বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে এই নিৰ্দেশনা প্ৰদান কৰিছে।
উল্লেখ্য যে, ২০২১ চনৰ ২৬ জুলাইত মিজোৰামৰ সৈতে সীমান্ত সংঘৰ্ষৰ পিছতে ৰমনদীপ কৌৰক কাছাৰলৈ বদলি কৰা হৈছিল।
আনহাতে কাছাৰৰ নতুন এছ পি হিচাপে নুমল মহত্তক দায়িত্বভাৰ প্ৰদান কৰা হৈছে।
উল্লেখ্য যে নুমল মহত্ত সম্প্ৰতি কাহিলীপাৰা স্থিত দশম এপিবিএনৰ কমাণ্ডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।









