এক শোকাৱহ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাৰ ফলত ছয়গৰাকীকৈ তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু।
অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰ জিলাত দেওবাৰে সংঘটিত হৈছে এই কৰুণ ঘটনাটো।
জানিব পৰা মতে, তীৰ্থযাত্ৰী কঢ়িওৱা তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
ডিভাইডাৰত খুন্দা মৰাৰ পাছতে বাহনখন ৰাজপথৰ মাজত লুটি খাই পৰে আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখনত জুই জ্বলি উঠে।
এই দুৰ্ঘটনাটোৰ পাছতে স্থানীয় ৰাইজৰ তৎপৰতাত দুজন লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও অন্য ছয়গৰাকী লোকৰ থিতাতে মৃত্যু হয়।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক দুজনক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু মৃতদেহ সমূহ উদ্ধাৰ কৰে।









