অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, চেণ্ট্ৰ’ বাহন আৰু ট্ৰেইলাৰৰ মাজত মুখামুখি সংঘৰ্ষত বিধ্বস্ত বাহন

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

চেণ্ট্ৰ’ বাহন আৰু ট্ৰেইলাৰৰ মাজত মুখামুখি সংঘৰ্ষত বিধ্বস্ত বাহন।

ভয়ংকৰ পথ দুৰ্ঘটনাটোত দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকদুজনক ততাতৈয়াকৈ চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন চেণ্ট্ৰ’ বাহন আৰু এখন ট্ৰেইলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত পতিত হোৱা চেণ্ট্ৰ’ বাহনখনৰ নম্বৰ এএছ-০৩এইচ-৬৬৯৮ আৰু ট্ৰেইলাৰ খনৰ নম্বৰ এএছ-০১জিচি-০৬৭১ বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ এটা দল উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *