ভয়ংকৰ! নিৰ্মীয়মান দলঙৰ এটা অংশ খহি পৰি ২ শ্ৰমিকৰ মৃত্যু, আহত ৬ জন

নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ ঋষিকেশ বদ্ৰীনাথ ঘাইপথৰ নৰকোটাত নিৰ্মীয়মাণ এখন দলঙৰ ওপৰৰ অংশ খহি পৰাৰ ফলত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আন ৬ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

আহত শ্ৰমিক কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

photo1658310656
ভয়ংকৰ! নিৰ্মীয়মান দলঙৰ এটা অংশ খহি পৰি ২ শ্ৰমিকৰ মৃত্যু, আহত ৬ জন 3

ৰুদ্ৰপ্ৰয়াগৰ ঋষিকেশ বদ্ৰীনাথ ঘাইপথৰ নৰকোটাত বুধবাৰে পুৱা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। নিৰ্মীয়মান দলংখনৰ চেটিং খহি পৰাৰ ফলত ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰে ৮ জন শ্ৰমিক।

দুৰ্ঘটনাৰ পিছতে এছডিআৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ ধ্বংসাৱশেষৰ পৰা দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন ৬ জনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

image 208
ভয়ংকৰ! নিৰ্মীয়মান দলঙৰ এটা অংশ খহি পৰি ২ শ্ৰমিকৰ মৃত্যু, আহত ৬ জন 4

উল্লেখ্য যে, বিগত কিছুদিন ধৰি উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাসাৰ বৰষুণৰ প্ৰভাৱতে নিৰ্মীয়মান দলংখনৰ এটা অংশ খহি পৰাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে, অল ৱেদাৰ পৰিযোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই দলংখন।