অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই বজাৰত সোমাল তীব্ৰবেগী ডাম্পাৰ, থিতাতে নিহত ৪ জন…

এক ভয়ংকৰ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই বজাৰৰ মাজত সোমাল ডাম্পাৰ, থিতাতে নিহত ৪ জন।

অসম বংগ সীমান্তৰ কোচবিহাৰৰ তুফানগঞ্জত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো।

আনহাতে নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

image 162

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত তুফানগঞ্জ আৰক্ষীৰ উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখে।

তুফানগঞ্জৰ পাকুৰতলা ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়াৱহ পথ দুৰ্ঘটনা। পাকুৰতলা বজাৰত নিয়ন্ত্ৰণ হেৰুৱাই মালবাহী ডাম্পাৰকন সোমাই পৰে।

আহত সকলক ইতিমধ্যে উদ্ধাৰ কৰি ততাতৈয়াকৈ তুফানগঞ্জ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *