ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰিল যাত্ৰীবাহী বাছ, শিশুসহ ১৫জনকৈ যাত্ৰী আহত

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ।

বৰপেটাৰ হাউলীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে যাত্ৰীবাহী বাছখন বাগৰি পৰাৰ ফলত আহত হৈছে কেইবাজনো যাত্ৰী।

হাউলীৰ কালঝাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

image 197
ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰিল যাত্ৰীবাহী বাছ, শিশুসহ ১৫জনকৈ যাত্ৰী আহত 2

দুৰ্ঘটনাত আহত বাহনখনত থকা শিশুসহ ১৫জনকৈ যাত্ৰী।

গুৱাহাটী অভিমুখী আছিল এএছ ১৫ চি৮০৫৮ নম্বৰৰ অনুৰাধা নামৰ বাছখন।

আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাউলীৰ ৩০খন বিচনাযুক্ত চিকিৎসালয়ত।

ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।