অসম

ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱালে ৩ কিশোৰসহ ৫ গৰাকীকৈ লোকে…

মঙলবাৰে পুৱাই সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে কেইবাগৰাকীও প্ৰাতঃভ্ৰমণকাৰীক।

দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃ্ত্যুক সাৱটি লয় ৩ গৰাকী কিশোৰ সহ ৫ জনকৈ লোকে।

sipajhar

দৰঙৰ ছিপাঝাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

ছিপাঝাৰৰ কলেজ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

image 68

প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাসহ সাতগৰাকী লোকক মহতিয়াই নিয়ে তীব্ৰ বেগী ট্ৰাক খনে৷

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ- AS-11-BC–1555

ইপিনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ ড্ৰাইভাৰ-হেণ্ডিমেন৷

দুৰ্ঘটনাত মৃত্যু মুখত পৰা তিনিগৰাকী ক্ৰমে- ১৬ বছৰীয়া জিন্টুমণি আহমেদ, ইন্দাদুল হক আৰু ৰেকিব আলি।

উল্লেখ্য যে, দুৰ্ঘটনাত মৃত্যু হোৱা ৩ কিশোৰ আছিল মেট্ৰিক পৰীক্ষাৰ্থীৰ। পৰীক্ষাৰ ফলাফল দিয়াৰ প্ৰাক্ ক্ষণত আৰক্ষীত চাকৰিৰ আশাৰে অনুশীলন কৰিবলৈ গৈ মৃত্যু ৩ কিশোৰৰ।

image 67
দুৰ্ঘটনাৰ পূৰ্বে লোৱা চেলফী

আনহাতে মৃত মহিলা দুগৰাকী হৈছে জয়মতী বৰুৱা, সংগীতা ডেকা শৰ্মা।

আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আন তিনিগৰাকী কিশোৰ।

আহত যুৱক তিনিজন হ’ল, ফাৰুক আহমেদ, চাহিল আখতাৰ আৰু ইজাজুল হক।

Leave a Reply

Your email address will not be published. Required fields are marked *