ভয়ংকৰ দুৰ্ঘটনা! পুখুৰীত ট্ৰেক্টৰৰ ট্ৰলী বাগৰি শিশুসহ ২৬ জনকৈ তীৰ্থযাত্ৰী নিহত, গুৰুতৰভাৱে আহত কেইবাজনো…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰেক্টৰৰ ট্ৰলী বাগৰি শিশুসহ ২৬ জনকৈ তীৰ্থযাত্ৰী নিহত।

উত্তৰপ্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।

আনহাতে দুৰ্ঘটনাটোৰ ফলত ২৮ জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

মৃতকৰ ভিতৰত আছে ১১ টাকৈ শিশু।

জানিব পৰা মতে, এই তীৰ্থযাত্ৰীসকলে উন্নাওৰ বাক্সাৰ চন্দ্ৰিকা দেৱী মন্দিৰ দৰ্শন কৰি তেওঁলোকৰ গাওঁ কোৰ্থালৈ উভতি আহি আছিল। কিন্তু ট্ৰেক্টৰ ট্ৰলীখন সাধ আৰক্ষী থানা অঞ্চলৰ গৌশালা অঞ্চলৰ ওচৰৰ পুখুৰীত বাগিৰ পৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

image 15
ভয়ংকৰ দুৰ্ঘটনা! পুখুৰীত ট্ৰেক্টৰৰ ট্ৰলী বাগৰি শিশুসহ ২৬ জনকৈ তীৰ্থযাত্ৰী নিহত, গুৰুতৰভাৱে আহত কেইবাজনো... 2

জানিব পৰা মতে, এটি শিশুৰ চূড়াকৰণৰ বাবে পিতৃ-মাতৃসহ আত্মীয়ৰ সৈতে মন্দিৰলৈ গৈছিল। শিশুটিৰ পিতৃয়ে চলাই আছিল ট্ৰেক্টৰখন। শিশুটি, মাতৃ আৰু পিতৃ তিনিওজনৰে মৃত্যু হয়।

এই শোকাৱহ ঘটনাৰ বাবে গভীৰ শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে।

কানপুৰৰ দুৰ্ঘটনাত গভীৰ শোকপ্ৰকাশ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ। নিহতৰ পৰিয়াললৈ সমবেদনা দ্ৰৌপদী মুৰ্মূ, নৰেন্দ্ৰ মোদীৰ। গভীৰ শোকপ্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও।

নিহতৰ পৰিয়াললৈ ২ লাখ, আহতৰ পৰিয়াললৈ ৫০ হাজাৰকৈ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ।