ভয়ংকৰ দুৰ্ঘটনাত দুটুকুৰা হৈ চিটিকি পৰিল বাইক! প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

মধ্যপ্ৰদেশৰ চটৰপুৰত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃ্ত্যুক সাৱটি ল’বলগীয়া হয় পিতা-পুত্ৰই।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় জিলাখনৰ নগাঁও-চটৰপুৰৰ মাজৰ সিংগৰাৱণ কলা গাঁৱৰ চাৰিলেনযুক্ত ঘাইপথত।

G5

মঙলবাৰে সন্ধিয়া সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত এখন বাইক দুটুকৰা হৈ পথৰ ওপৰত চিটিকি পৰে।

আনহাতে দুৰ্ঘটনা পিছত চাৰিচকীয়া বাহনখনত সংঘটিত অগ্নিকাণ্ডৰ বাবে আন আন লোকসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলগা হয়।

জানিব পৰা মতে, মহাৰাজপুৰ থানাৰ অন্তৰ্গত দিলানীয়া গাঁৱৰ নিৱাসী ৰাঘৱেন্দ্ৰ সিং বুন্দেলা (৪৫)ই তেওঁৰ ১০ বছৰীয়া পুত্ৰ কল্লুৰ সৈতে বাইকেৰে হৰপালপুৰ থানাৰ অন্তৰ্গত গ্ৰাম চৌকা চোংৰাস্থিত শহুৰৰ ঘৰৰ পৰা নিজ গৃহলৈ উভতি আহিছিল।

কিন্তু সন্ধিয়া প্ৰায় ৬ বজাত চাৰিলেন যু্ক্ত ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বাইকত সন্মুখৰ পৰা অহা এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত বাইকখন দুটুকুৰা হৈ পথৰ ওপৰত চিটিকি পৰে। যাৰ ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয় পিতা-পুত্ৰই।

আনহাতে দুৰ্ঘটনাৰ পিছত চাৰিচকীয়া বাহনখনতো অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত গাড়ীৰ পৰা নামি পলায়ন কৰে আন আন যাত্ৰীসকলে।

6

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত নগাঁও আৰক্ষীৰ দল আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাত পিতা-পুত্ৰৰ কৰুণ মৃত্যুৱে অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

শ্বহীদ পিতৃৰ পদাংক অনুসৰণ কৰি সেনাত বিষয়া হিচাপে নিযুক্ত হ’ল পুত্ৰ

G1

এদিন ষ্টেচনত কুলীৰ কাম কৰিছিল, আজি হ’ল IAS বিষয়া!

G3-1

Leave a Comment