ভয়ংকৰ! দুখন মালবাহী ট্ৰেইনৰ মাজত সংঘটিত হ’ল মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক। এক ভয়ংকৰ মুখামুখি সংঘৰ্ষত পতিত হ’ল দুখন ৰে’ল।

শনিবাৰে নিশা প্ৰায় ৯.৪০ বজাত ঝাৰখণ্ডৰ হাতিয়া ৰাউৰকেলা ৰে’ল শাখাৰ হাতিয়া বান্দামুণ্ডাত সংঘটিত হয় দুখন ট্ৰেইনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ।

FHh-Qj-F0-VEAUf-VSi

জানিব পৰা মতে, ৰে’ল দুখনৰ মুখামুখি সংঘৰ্ষৰ পূৰ্বে দুয়োখন ট্ৰেইনৰ লোকো পাইলট আৰু সহকাৰী পাইলটে ইঞ্জিনৰ পৰা জঁপিয়াই দিয়াত প্ৰাণ ৰক্ষা পৰে যদিও লোকো পাইলট ৰঞ্জিত কুমাৰ গুৰুতৰভাৱে আহত হয়।

FHhpe-T-UUAMfe-DQ

বাতৰি অনুসৰি, দুর্ঘটনাত পতিত মালবাহী ট্ৰেইনৰ এখন মালভৰ্তি আছিল যদিও আনখন খালি আছিল।

পাক্ৰা আৰু মুচমুচে ষ্টেচনৰ দ্বাৰা দুয়োখন ট্ৰেইনক ভুলবশতঃ সেউজ সংকেত প্ৰদান কৰাৰ ফলতেই এই মুখামুখি সংঘৰ্ষ সংঘটিত হয় বুলি জানিব পৰা গৈছে।

FHh-Qhg1-UYAMUYn-Q

মালবাহী ৰে’লখন বোকাৰোৰ পৰা কৰ্মপদলৈ গৈ থকা সময়তে ৰাউৰকেলাৰ পৰা বোকাৰো অভিমুখে আহি থকা আন এখন ৰে’ল একেটা লাইনত প্ৰৱেশ কৰাত এই ভয়ঙ্কৰ সংঘৰ্ষ সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দুয়োখন ৰে’লত উপস্থিত আছিল ক্ৰমে- লোকো পাইলট ৰঞ্জিত কুমাৰ, সহকাৰী পাইলট সঞ্জয় কুমাৰ, আৰ কে অম্বাষ্ট, লোকো পাইলট অশোক কুমাৰ সিনহা, সহকাৰী পাইলট আৰ কে ৰজক আৰু এন বক্স কৰ্মপাডা।

FHh-Qi-O-Uc-AEBnxn

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত বানো ৰে’ল আৰক্ষীৰ জ্যেষ্ঠ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

চেল্ফি তুলিবলৈ গৈ চতুৰ্থ মহলাৰ পৰা বাগৰি যুৱতীৰ ওপৰত পৰিল যুৱক

Leave a Comment