ভয়ংকৰ ঘটনা! বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক সাৱটিলে ২১জনে, ৪০ জনৰো অধিক চিকিৎসাধীন…

এক ভয়ংকৰ ঘটনা।

বিষাক্ত সুৰা সেৱন কৰি অকাল মৃত্যুক সাৱটিলে ২১ গৰাকীকৈ লোকে।

আনহাতে অসুস্থ হৈ চিকিৎসাধীন হৈছে ৪০ জনৰো অধিক লোক।

গুজৰাটৰ বটাড জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

image 272
ভয়ংকৰ ঘটনা! বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক সাৱটিলে ২১জনে, ৪০ জনৰো অধিক চিকিৎসাধীন... 3

জানিব পৰা মতে, গুজৰাটৰ বটাড জিলাৰ উনখাদী গাঁৱৰ ৰোজিন্দ, আনিয়ানি, আৰু চন্দ্ৰৱা গাঁৱৰ লোকসকল নকল সুৰা সেৱন কৰাৰ পিছতে অসুস্থ হৈ পৰে।

বোটাডৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষই নিশ্চিত কৰিছে যে, জিলাখনৰ পৰা এতিয়ালৈকে ১৬ জন লোকৰ মৃত্যু হৈছে।আনহাতে চুবুৰীয়া আহমেদাবাদ জিলাৰ ধন্দহুকা তালুকাত ৫জন লোক নিহত হোৱা বুলি খবৰ পোৱা গৈছে।

প্ৰায় ৪০ জন লোক এতিয়াও ভাৱনগৰ, বোটাড, বৰৱালা আৰু ধন্ধুকাৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে সদৰি কৰিছে।

ইতিমধ্য ঘটনা সন্দৰ্ভত ১০ জন লোকক আটক কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে।

নকল সুৰা তৈয়াৰ আৰু বিক্ৰী কৰাৰ অভিযোগ আটক কৰা সকলোকে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

লগতে চাওকঃ

এইখন অসমৰে ঘটনা! ফেচবুক প্ৰেমিকাৰ সৈতে ঠিক হৈছিল জিতুলৰ বিয়াৰ দিন, বিয়াৰ এসপ্তাহ পূৰ্বে ভাৱী পত্নীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড…

p5 3
ভয়ংকৰ ঘটনা! বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক সাৱটিলে ২১জনে, ৪০ জনৰো অধিক চিকিৎসাধীন... 4