ভয়ংকৰ ঘটনা! নিশা ঘৰৰ দৰ্জা ভাঙি এক দম্পতীৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ, আহত স্বামী-স্ত্ৰী…

এক ভয়ংকৰ ঘটনা।

নিশা ঘৰৰ দৰ্জা ভাঙি এক দম্পতীৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ, আহত স্বামী-স্ত্ৰী।

ওদালগুৰি জিলাৰ টংলাত নিশা সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা।

জানিব পৰা মত, মুখত কাপোৰ বান্ধি অহা চাৰি যুৱকে নিশা দৰ্জা ভাঙি প্ৰৱেশ কৰে ব্যৱসায়ী গৌতম বৰুৱাৰ বাসগৃহত।

দুৰ্বৃত্তৰ দলটোৱে উভতি যোৱাৰ সময়ত গুলীচলনা কৰে গৌতম বৰুৱা আৰু তেখেতৰ পত্নী ববিতা বৰুৱাৰ ওপৰত।

এই গুলীচালনাৰ ঘটনাত সোঁহাতত গুলীবিদ্ধ হয় ব্যৱসায়ী গৌতম বৰুৱা।

আনহাতে গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে গৌতম বৰুৱাৰ পত্নী ববিতা বৰুৱা।

নিশা ততাতৈয়াকৈ টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতে দম্পত্তিটোক উন্নত চিকিৎসাৰ বাবে মঙলদৈলৈ প্ৰেৰণ কৰে আৰু পিছলৈ গুৰুতৰভাৱে আহত পত্নী ববিতা বৰুৱাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

ইপিনে নিশাই ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুত দাস বড়ো, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগুকে ধৰি টংলা থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি ঘটনাস্থলীত এটা পইন্ট ৩২ পিষ্টলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰে।