বিশ্বৰ আটাইতকৈ ‘অপৰিস্কাৰ ব্যক্তি’ গৰাকীৰ ৯৪ বছৰ বয়সত মৃত্যু, গাঁৱৰ মানুহে জোৰ কৰাত ধুইছিল গা…

পৰিস্কাৰ হৈ থাকবলৈ আমি সকলাৱে বিছাৰো, কিন্তু আজি এনে এজন লোকৰ কথা ক’ম যি বছৰৰ পিছত বছৰ ধৰি গা নোধোৱাকে তেওঁ সম্পূৰ্ণ জীৱন অতিবাহিত কৰিলে।

গা নোধোৱাৰ কাৰণে “বিশ্বৰ আটাইতকৈ অপৰিস্কাৰ মানুহ” হিচাপে খ্যাত লোকজনৰ মৃত্যু।

৯৪ বছৰ বয়সৰ মৃত্যু হয় বিশ্বৰ আটাইতকৈ অপৰিস্কাৰ ব্যক্তি বুলি আখ্যা দিয়া ইৰাণৰ আমৌ হাজীৰ।

সংবাদ সংস্থা IRNA ই প্ৰকাশ কৰা অনুসৰি, ব্যক্তিজনে অৰ্ধ শতিকাতকৈ অধিক সময় স্নান কৰা নাছিল আৰু অবিবাহিত আছিল।

image 196
বিশ্বৰ আটাইতকৈ ‘অপৰিস্কাৰ ব্যক্তি' গৰাকীৰ ৯৪ বছৰ বয়সত মৃত্যু, গাঁৱৰ মানুহে জোৰ কৰাত ধুইছিল গা... 2

আমৌ হাজী নামৰ ব্যক্তিজনৰ দেওবাৰে ইৰাণৰ ফাৰছ প্ৰদেশৰ দক্ষিণ অংশৰ দেজগাহ গাঁৱত মৃত্যু হয়।

সূত্ৰ অনুসৰি, অসুস্থ হোৱাৰ  আশংকাত গা ধোৱাৰ পৰা বিৰত আছিল লোকজন।

কিন্তু কেইদিনমানৰ আগতে গাঁৱৰ মানুহে বহু জোৰ কৰাত প্ৰথমবাৰৰ বাবে গা ধোৱে আমৌৱে।

ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ২০১৩ চনত ব্যক্তিজনৰ জীৱনক লৈ “আমৌ হাজীৰ অদ্ভুত জীৱন” শীৰ্ষক এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল