অসম

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে উদ্ধাৰ বোমা…

ভয়ংকৰ কূটাঘাতৰ পৰা কথমপি ৰক্ষা!

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে উদ্ধাৰ বোমা।

কাছাৰ জিলাৰ লক্ষীপুৰত নিশা ৩৭ নং অসম-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভার্টৰ কাষত পৰিতাক্ত অৱস্থাত উদ্ধাৰ হয় বোমাটো।

জানিব পৰা মতে, স্থানীয় ৰাইজে কালভার্ট কাষত পৰিতাক্ত অৱস্থাত পৰি থকা এটি প্লাষ্টিকৰ মোনা প্ৰত্যক্ষ কৰি প্ৰথমে খবৰ দিয়ে আৰক্ষীক৷

আৰক্ষী উপস্থিত হৈ মোনাটো পৰীক্ষা কৰি বোমা বুলি নিশ্চিত হোৱাৰ পিছত নিশাই শিলচৰৰ পৰা বোমা বিশেষজ্ঞৰ দল মাতি আনি বোমাটো নিষ্ক্ৰিয় কৰে৷

এই ঘটনাক কেন্দ্র কৰি বৰ্তমানে সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্য অব্যাহত আছে।

কোনে কি উদ্দেশ্যৰে বোমাটো ৰাখিছিল সেইয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *