ৰাষ্ট্ৰীয়

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ৰাজধানী চহৰ দিল্লী, উদ্ধাৰ আই ই ডি ভৰ্তি বেগ…

ভয়ংকৰ কূটাঘাতৰ পৰা কথমপি ৰক্ষা পৰিল দেশৰ ৰাজধানী চহৰ দিল্লী।

দিল্লীৰ সীমাপুৰী অঞ্চলৰ এটা ঘৰৰ পৰা উদ্ধাৰ হৈছে আই ই ডি ভৰ্তি বেগ।

বৃহস্পতিবাৰে দিল্লী আৰক্ষীৰ বিশেষ দলে দিল্লীৰ সীমাপুৰী অঞ্চলত তালাচী চলাই এটা ঘৰৰ পৰা সন্দেহযুক্ত বেগ উদ্ধাৰ কৰে।

আৰক্ষীয়ে বেগটো উদ্ধাৰ কৰাৰ পাছতে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

জানিব পৰা মতে, ঘটনাস্থলীত নিয়োজিত এন এছ জিৰ দলে আই ই ডি থকা বুলি সন্দেহ কৰা বেগটো অন্য এটা বেগৰ ভিতৰত ভৰাই ঘটনাস্থলীৰ পৰা অন্য স্থানলৈ লৈ যায়।

গাজীপুৰৰ আৰডিএক্স উদ্ধাৰ হোৱা ঘটনাৰ তদন্তৰ আঁত ধৰিয়ে দিল্লী আৰক্ষীৰ বিশেষ দলে আজি সীমাপুৰী অঞ্চলত উপস্থিত হয় আৰু এটা ঘৰত তালাচী চলাই বেগটো উদ্ধাৰ কৰে।

যিটো ঘৰৰ পৰা বেগটো উদ্ধাৰ কৰা হৈছে সেই ঘৰটোত ৩-৪ জন যুৱক ভাড়াত থাকে বুলিও তথ্য প্ৰকাশ পাইছে।

বৰ্তমান ঘৰটোৰ মালিকক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে দিল্লীত কূটাঘাত সংঘটিত কৰাৰ বাবে চেষ্টা চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *