বেজৰ নাকতেই খৰ! গৃহৰক্ষী জোৱানৰ ঘৰত ওলাল নিষিদ্ধ ড্ৰাগছৰ লগতে গুলী…

চোৰ, ডকাইত নহয় গৃহৰক্ষী বাহিনীৰ জোৱানৰ ঘৰত ওলাল নিষিদ্ধ ড্ৰাগছৰ লগতে সক্ৰিয় গুলী।

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত এইবাৰ বটদ্ৰৱাৰ ধনীয়াভেটি চৌৰাপাৰাৰ গৃহৰক্ষী জোৱান মজিবুৰ ৰহমানৰ ঘৰত চলিল ড্ৰাগছ বিৰোধী অভিযান৷

photo-2021-12-30-16-38-41

আৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ ড্ৰাগছৰ লগতে দহ জাঁইকৈ সক্ৰিয় গুলী।

দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে স্থানীয় ৰাইজে আৰক্ষীক অভিযোগ দাখিল কৰি আহিছিল যদিও আৰক্ষীৰ নাকৰ তলেৰেই গৃহৰক্ষী জোৱানজনে চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।

vlcsnap-2021-12-30-16h40m18s171

বটদ্ৰৱা ধনীয়াভেটি চৌৰাপাৰা গাঁৱৰ গৃহৰক্ষী জোৱান মজিবুৰ ৰহমানৰ ঘৰত আৰক্ষীয়ে ব্যৱহাৰ কৰা থ্ৰী নট থ্ৰী ৰাইফলৰ দহ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈও সক্ষম হৈছে।

স্বয়ং আৰক্ষী বাহিনীৰ জোৱানৰ গৃহত এনেকৈ নিষিদ্ধ ড্ৰাগছ আৰু সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ নগাঁও জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

ভুৱা নিযুক্তি পত্ৰৰে BSFৰ চাকৰিত যোগদান কৰিবলৈ আহি গ্ৰেপ্তাৰ ৩ যুৱক…

Leave a Comment