ভুৱা নথিপত্ৰৰে শিক্ষকতা! মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই শিক্ষক

নিউজ ডেস্ক। পুনৰ ভুৱা নথিপত্ৰৰে শিক্ষকতা কৰাৰ অভিযােগত গ্ৰেপ্তাৰ হ’ল দুজন শিক্ষাগুৰু।

ধেমাজি আৰক্ষীৰ অভিযানত ভুৱা নথি-পত্ৰৰে শিক্ষকতা কৰা দুজন শিক্ষকক গ্ৰেপ্তাৰ।

ইয়াৰে এজন মহাবিদ্যালয়ৰ অধ্যক্ষ।

জানিব পৰা মতে, শিক্ষা বিভাগৰ দ্বাৰা দাখিল কৰা এক গোচৰৰ ভিত্তিত ভুৱা নথি-পত্ৰৰে শিক্ষকতা কৰাৰ অভিযােগত ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যতীন ৰামচিয়াৰি আৰু জয়ন্ত মিলি নামৰ দুগৰাকী শিক্ষকক।

জয়ন্ত মিলি হৈছে ধেমাজি ডিমৌ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পূৰ্বৰ ডিমৌ মহাবিদ্যালয়ৰ অধ্যক্ষ।

আনহাতে আন গৰাকী হৈছে চিমেন চাপৰিৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক।

শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, শিক্ষক দুগৰাকীয়ে বিএডৰ নকল প্ৰমাণপত্ৰ সংগ্ৰহ কৰিছিল। দুয়ােজনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

শিক্ষক দুজনে নকল বিএড ডিগ্ৰীৰ প্ৰমাণপত্ৰ ক’ৰ পৰা লাভ কৰিলে, তাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে চাওকঃ

SI ৰ বাছনি পৰীক্ষাত হাই-টেক্ পদ্ধতিৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী, ভাইৰেল ভিডিঅ’

Leave a Comment