অসমঅসমীয়া

বাহনৰ খুন্দাত আপুৰুগীয়া সোণালী বান্দৰৰ মৃত্যু

নিউজ ডেস্ক। বঙাইগাঁও জিলাৰ কাকৈজানত শোকাৱহ ঘটনা।

তীব্ৰবেগী বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লয় এটি আপুৰুগীয়া সোণালী বান্দৰে।

উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ কাকৈজানৰ সংৰক্ষিত বনাঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত।

এই কাকৈজানৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

এই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথতে শুকুৰবাৰে তীব্ৰবেগী বাহনৰ খুন্দাত কৰুণ মৃত্যু হয় এটি সোণালী বান্দৰৰ।

এই ঘটনাই প্ৰকৃতিপ্ৰেমী স্থানীয় লােকক মৰ্মাহত কৰি তােলে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিদ্যুৎস্পৃষ্ট হৈ সােণালী বান্দৰৰ মৃত্যুৰ বহু ঘটনা সংঘটিত হৈছে।

লগতে চাওকঃ

অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ অস্বাভাৱিক মৃত্যু…

Leave a Reply

Your email address will not be published. Required fields are marked *