নিউজ ডেস্কঃ দেশ মাতৃৰ বীৰ সন্তান এই দেশৰ প্ৰতিগৰাকী জোৱান।
মৰভূমিৰ দেহ দেই নিয়া গৰমেই হওক বা তুষাৰবৃত্ত পৰ্বতৰ হাড় কঁপোৱা জাৰ, প্ৰতিটো পৰিস্থিতিতে অতন্ত্ৰ প্ৰহৰী হৈ থিয় দি দেশ মাতৃৰ সুৰক্ষা দিয়া এই সকল জোৱানৰ বীৰত্ব প্ৰকৃততে অতুলনীয়।
তেনে এগৰাকী বীৰ জোৱানৰে এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যি ভিডিঅ’ দেখি শিঁহৰিত হৈ পৰা নেট ব্যৱহাৰকাৰীয়ে দূৰৈৰ পৰাই জনাইছে প্ৰণিপাত।
সীমান্ত সুৰক্ষা বাহিনী কাশ্মীৰৰ অফিচিয়েল টুইটাৰ একাউণ্টত কাশ্মীৰ সীমান্তত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত একাঁঠু বৰফ ফেদি খোজ কাঢ়ি যোৱা এগৰাকী সেনা জোৱানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।
जीत का समंदर चुनौतियों भरा है ,
— BSF Kashmir (@BSF_Kashmir) March 23, 2023
पर मेरे अंदर भी उस जीत को पाने का एक ज़ज्बा भरा है।
कश्मीर सीमान्त ।
सीमा सुरक्षा बल – सर्वदा सतर्क l#LoC #BSF pic.twitter.com/O0WKBSfEcm
এই ভিডিঅ’টোৱে গৌৰৱাম্বিত কৰিছে ভাৰত ভূমিক ভালপোৱা প্ৰতিজন নাগৰিকক।
বৰফৰ মাজত শুভ্ৰ ইউনিফৰ্ম পৰিধান কৰা সেনা জোৱানজনে হাতত ৰাইফল লৈ টহল দিয়া পৰিলক্ষিত হৈছে ভিডিঅ’টোত।
উল্লেখ্য যে, যোৱা বছৰ কাশ্মীৰত অসমৰ বিহু উদযাপন কৰা বিএছএফ জোৱানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।









