ভাৰত-ভূটান সীমান্তত মাইকী বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত আছে।

এফালে বনৰীয়া হাতীৰ জাকে কৃষিভূমিৰ লগতে বনাঞ্চলৰ কাষৰীয়া অঞ্চলসমূহত বসবাস কৰা অঞ্চলসমূহত ব্যাপক ক্ষতিসাধন কৰাৰ বিপৰীতে ঠায়ে ঠায়ে ৰহস্যজনকভাৱে মৃত্যু ঘটিছে বনৰীয়া হাতীৰ।

এইবাৰ ভাৰত-ভূটান সীমান্তত উদ্ধাৰ মাইকী বনৰীয়া হাতীৰ মৃতদেহ।

G5 1
ভাৰত-ভূটান সীমান্তত মাইকী বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ 2

বাক্সা জিলাৰ বাতাবাৰী ৰেঞ্জৰ অন্তৰ্গত মইনাপুখুৰী-শান্তিপুৰত পুৱা উদ্ধাৰ কৰা হয় মাইকী বনৰীয়া হাতীৰ মৃতদেহ।

স্থানীয় লােকে এই খবৰ বন বিভাগৰ অৱগত কৰাৰ পিছতে বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বিহিত ব্যৱস্থা হাতত লয়।

বন বিভাগে আশংকা কৰা অনুসৰি, খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ হাতীটােৰ মৃত্যু ঘটিছে।