নিউজ ডেস্ক। ভাৰত-বাংলাদেশ সীমান্তত এতিয়া চোৰাং ব্যৱসায়ী, দেশবিৰোধী কাৰ্যকলাপৰ ওপৰত চিচিটিভিৰ জৰিয়তে নজৰ ৰাখিব সীমান্ত সুৰক্ষা বাহিনীয়ে।
সোমবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) মহাপৰিদৰ্শক (আইজি) সঞ্জয় সিং গেহলটে ভাৰত-বাংলাদেশৰ সীমান্ত চৌকিসমূহ পৰিদৰ্শন কৰে আৰু সীমান্তত শত্ৰু আৰু দেশ বিৰোধী কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিবলৈ স্থাপন কৰা চিচিটিভি নিৰীক্ষণ উদ্বোধন কৰে।

বাতৰি অনুসৰি, গোপালপুৰ খণ্ডৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) ব্ৰিগেডিয়াৰ ৰবীন্দ্ৰ সিং ৰাৱট (অৱসৰপ্ৰাপ্ত), বিএছএফৰ ৭৫ বেটেলিয়ন কমাণ্ডেণ্ট সুকুমাৰ পট্টনায়ক, আৰু আন কেইবাগৰাকীও উস্থপদস্থ বিষয়াৰ উপস্থিতিত আইজি সঞ্জয় সিং গেহলটে চিচিটিভি নিৰীক্ষণ প্ৰণালী উদ্বোধন কৰে।
চিচিটিভি নিৰীক্ষণ উদ্ধোধন কৰি তেওঁ কয়, “সীমান্তত সংঘটিত বিভিন্ন অপৰাধ নিয়ন্ত্ৰণৰ বাবে ২৪ ঘণ্টাই নিৰীক্ষণ কৰিব পৰাকৈ কমাণ্ড আৰু নিয়ন্ত্ৰণ প্ৰণালীৰ সৈতে চিচিটিভি নিৰীক্ষণ প্ৰণালী স্থাপন কৰা হৈছে।”

এই নতুন সংযোগে সীমান্তত সংঘটিত হৈ অহা চোৰাং ব্যৱসায় আৰু অন্যান্য দেশবিৰোধী কাৰ্যকলাপ প্ৰতিহত কৰিব পাৰিব বুলিও মন্তব্য কৰে আইজি গৰাকীয়ে।
ইফালে তেওঁ এই সীমান্ত পৰিদৰ্শন কালত ভাৰতীয় সেনা জোৱান সকলৰ সৈতেও বাৰ্তালাপ কৰে আৰু সীমান্তত অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।









