অসমঅসমীয়া

কলেজলৈ যাবলৈ মাক-দেউতাকৰ টকা বিচাৰিব নালাগে শিক্ষাৰ্থীসকলে, চৰকাৰে ল’ব দায়িত্বঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। মাজুলীৰ পৰা অলেখ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, মাইক্ৰ’ ফানেন্সৰ লোন লোৱা মহিলাৰ বাবে ঘোষণা কৰিলে ভাল খবৰ।

এপ্ৰিলৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলে ভাল খবৰ লাভ কৰিব বুলি নিৰ্বাচনী প্ৰচাৰৰ মাজতে কথা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে যিসকল মহিলাই মাইক্ৰ’ ফানেন্সৰ লোন লৈছে, তেওঁলোকৰ বাবেও সকাহ প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে মুথ্যমন্ত্ৰীগৰাকীয়ে। লগতে অতি শীঘ্ৰে অসমত ১ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰা হ’ব বুলিও প্ৰচাৰ মঞ্চৰ পৰাই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তদুপৰি কলেজীয়া ছাত্ৰীসকলে যাতে কলেজলৈ গ’লে মাক-দেউতাকৰ পৰা টকা বিচাৰিব নালাগে, তাৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়, ‘কলেজীয়া ছাত্ৰীসকলে এতিয়াৰে পৰা কলেজলৈ যোৱাৰ নামত টকা বিচাৰিব নালাগে। তেওঁলোকৰ গাড়ী ভাড়া, খোৱাৰ খৰছৰ দায়িত্ব চৰকাৰে ল’ব।’

Leave a Reply

Your email address will not be published. Required fields are marked *