ভাৰত-নিউজিলেণ্ড টি-২০ৰ BCCIৰ পৰ্যবেক্ষকৰ দায়িত্বত অসমৰ কামাখ্যা শইকীয়া…

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সুখবৰ।

ভাৰত-নিউজিলেণ্ড টি-২০ৰ BCCIৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ অসমৰ কামাখ্যা শইকীয়াৰ।

উল্লেখ্য যে, বুধবাৰৰ পৰা ভাৰত আৰু নিউজিলেন্ডৰ মাজত আৰম্ভ হ’ব ঘৰুৱা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ শৃংখলাৰ প্ৰথমখন খেল।

বুধবাৰৰ জয়পুৰৰ খেলৰ পিছত ১৯ নৱেম্বৰৰ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল ঝাৰখণ্ডত আৰু তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় খেল কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।

১৯ নৱেম্বৰত ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হ’ব লগা ভাৰত বনাম নিউজিলেণ্ডৰ দ্বিতীয়খন টি-২০ মেচত বিচিচিআইৰ পৰ্যবেক্ষকৰ দায়িত্বত থাকিব অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক কামাখ্যা শইকীয়া। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কামাখ্যা শইকীয়াৰ ২০১৯ চনত বিচিচিআইয়ে Emerging Team Asia Cupৰ পৰ্যবেক্ষক হিচাপেও নিযুক্তি দিছিল।

কামাখ্যা শইকীয়াই আন্তঃৰাষ্ট্ৰীয় খেলৰ সন্মানীয় দায়িত্ব পোৱাৰ বাবে তেওঁক অভিনন্দন জনাইছে অসমৰ ক্ৰীড়া প্ৰেমীৰ লগতে অসম ক্ৰিকেটৰ এপেক্স কাউন্সিলৰ সদস্যসকলে।

Leave a Comment