ভাৰত জোড়ো যাত্ৰাতকৈ মোৰ সভাত বেছি ভিৰ হয়! এজন কংগ্ৰেছী সাংসদৰ বিতৰ্কিত মন্তব্যত অস্বস্তিত ৰাহুল গান্ধী…

নিউজ ডেস্কঃ বিজেপিয়ে বিয়পোৱা সাম্প্ৰদায়িক বিষবাষ্প, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ বিৰুদ্ধে ভাৰত জোড়ো যাত্ৰাত নামি পৰিছে ৰাহুল গান্ধী।

কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে অতিক্ৰম কৰিছে এশ দিন। বৰ্তমান ৰাজস্থানত থকা ভাৰত জোড়ো যাত্ৰাই শতিকা পুৰণি কংগ্ৰেছক পুনৰীজ্জীৱিত কৰিব বুলি আশাবাদী দলৰ নেতা-কৰ্মী সকলো।

কিন্তু ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো যাত্ৰাৰ মাজতে কংগ্ৰেছ নেতৃত্বক তীব্ৰ অস্বস্তিত পেলাই বিতৰ্কিত মন্তব্য মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথৰ পুত্ৰ তথা সাংসদ নকুল নাথৰ।

যি মন্তব্যই এতিয়া ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ বিজেপিকো এক কুটিল সুযোগ প্ৰদান কৰা দেখা গৈছে।

দৰাচলতে মধ্যপ্ৰদেশৰ বেৰাছিয়াত এক ৰাজহুৱা সভাত অংশ লৈ কংগ্ৰেছ সাংসদ নকুল নাথে কয়, “মই ৰাহুল গান্ধীৰ সৈতে মধ্যপ্ৰদেশৰ সকলো ঠাইতে গৈছো। কিন্তু বেৰাছিয়াবাসীক ক’ব খুজিছোঁ, ইয়াত ভাৰত জোড়ো যাত্ৰাতকৈও বেছি মানুহ হৈছে৷”

নিজৰ সভাত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাতকৈ অধিক মানুহ সমবেত হয় বুলি মন্তব্য কৰা নকুল নাথৰ এই ভিডিঅ’টো এতিয়া শ্বেয়াৰ কৰিছে বিজেপিৰ কেইবাজনো নেতাই।

বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই ভিডিঅ’টো পোষ্ট কৰি লিখিছে, “য’ত কংগ্ৰেছৰ নেতাসকলে তেওঁক (ৰাহুল গান্ধী) নেতা হিচাপে গ্ৰহণ কৰিবলৈ অনিচ্ছুক, তেতিয়া আন জনতা বা ভাৰতে তেওঁক কেনেকৈ গুৰুত্ব দিব?”

প্ৰণিধানযোগ্য যে, নকুল নাথে মাত্ৰ দুসপ্তাহ পূৰ্বে ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত চামিল হৈছিল।

অন্যহাতে তেওঁৰ পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথেও কিছুদিন পূৰ্বে ভাৰত জোড়ো যাত্ৰাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল।