ভাৰতৰ ৪টা কফ ছিৰাপক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, প্ৰাণঘাতী ঘোষণা…

আপোনাৰ শিশুটিৰ বাবে কফ ছিৰাপ ব্যৱহাৰ কৰে নেকি? যদি কৰে এতিয়াৰে পৰা সাৱধান হওক।

কিয়নো ভাৰতৰ চাৰিটা জনপ্ৰিয় কফ ছিৰাপক লৈ সতৰ্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

৪টা দৰবক প্ৰাণঘাতী ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ।

চাৰিওটা দৰবৰ নিৰ্মাতা হাৰিয়ানাৰ কোম্পানী ‘MEDIN PHARMACEUTICALS PRIVATE LIMITED’ ৷

দৰব চাৰিটা ক্ৰমে-‘প্ৰোমেথজাইন অৰেল ছলিউচন’, ‘কোফেক্সমালিন বেবী কফ ছিৰাপ’,‘মেকআপ বেবী কফ ছীৰাপ’ আৰু ‘মেগৰিপ এণ্ড কোল্ড ছিৰাপ’।

image 48
ভাৰতৰ ৪টা কফ ছিৰাপক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, প্ৰাণঘাতী ঘোষণা... 2

উক্ত দৰব চাৰিটাত বিষাক্ত ৰসায়নিক দ্ৰব্য অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

পশ্চিম আফ্ৰিকাৰ এক ঘটনাৰ পাছতে এই কথা ঘোষণা WHOৰ।

উল্লেখ্য যে, পশ্চিম আফ্ৰিকাৰ গাম্বিয়াত মৃত্যু হৈছিল ৬৬টা শিশুৰ।

আটাইকেইটা শিশুৰ মৃত্যুৰ বাবে দৰবক দোষাৰোপ WHOৰ।

এই দৰবৰ ফলত কিডনীৰ বৃহৎ ক্ষতি হোৱা বুলি উল্লেখ।