ভাৰতৰ সৰ্ববৃহৎ মনোৰঞ্জন কনটেণ্ট সংগ্ৰহ এপ’ এক্সষ্ট্ৰীম প্ৰিমিয়াম মুকলি এয়াৰটেলৰ

ভাৰতী এয়াৰটেল (এয়াৰটেল)এ ভাৰতত ডিজিটেল মনোৰঞ্জনৰ ইক’চিষ্টেম বিকাশ কৰাৰ বাবে নতুন ভিডিঅ’ ষ্ট্ৰীমিং সেৱা “এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়াম” মুকলি কৰাৰ বৃহস্পতিবাৰে ঘোষণা কৰিছে।

ইয়াৰ মুকলিৰ দ্বাৰা ভাৰতৰ ডিজিটেল ভাৱে সংযোজিত গ্ৰাহকে শেহতীয়াভাৱে মুকলি হোৱাৰ বৰ্ধিত কনটেণ্ট বিচাৰাৰ সমস্যাৰ সমাধান কৰিব।

প্ৰথমতে এই এপ’ত ১৫ টা ভাৰতীয় আৰু বিশ্বস্তৰৰ ভিডিঅ’ অ’টিটিৰ পৰা কনটেণ্ট একত্ৰিত কৰিছে।

গ্ৰাহকসকলে উপভোগ কৰিব পাৰিব ১০,৫০০ৰো অধিক চলচ্চিত্ৰ আৰু শ্ব’ৰ লগতে  চনীলিভ (SonyLIV) লাইভ চেনেলবোৰ, ইৰোচনাও (ErosNow), লায়ন্সগেট প্লে (Lionsgate Play), হোইচোই (Hoichoi), মনোৰামামেক্স (ManoramaMax), শ্বেমাৰু (Shemaroo), আল্ট্ৰা (Ultra), হাঙ্গামাপ্লে (HungamaPlay), ইপিকঅন (EPICon), ডকুবাই (Docubay), ডিভো টিভি (DivoTV), ক্লিকক (Klikk), নাম্মাফ্লিক্স (Nammaflix), ডলিউড (Dollywood), শ্বৰ্টছ টিভি (Shorts TV) এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়ামত উপলব্ধ কৰা হৈছে।

দ্বিতীয়তে,এই এপে’ ছিংগল চাবস্ক্ৰিপশ্বন, ছিংগল ছাইন-ইন, ইউনিফাইড কনটেণ্ট চাৰ্ছ আৰু এআই ড্ৰাইভেনৰ (AI driven) সৈতে গ্ৰাহকক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰে।

ব্যৱহাৰকাৰীসকলে ম’বাইল, টেবলেট, লেপটপত এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়াম প্ৰাপ্ত কৰিব পাৰে, লগতে ৱেবৰ জৰিয়তে টিভিত এক্সষ্ট্ৰীম ছেট-টপ-বক্সত উপভোগ কৰিব পাৰে।

ইয়াৰ মুকলি সন্দৰ্ভত Airtel Digital-ৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ্শ নায়াৰে (Adarsh Nair)কয়; “এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়াম এটা গেম চেঞ্জিং ইনভেচন, যিয়ে কনটেণ্টৰ প্ৰত্যাহ্বানবোৰ সমাধান কৰি ভাৰতত অ’টিটি কনটেণ্ট যোগান ধৰে। আমি ডিজিটেল মনোৰঞ্জনৰ এক ৰোমাঞ্চকৰ যাত্ৰা আৰম্ভ কৰিবলৈ ধৰিছোঁ আৰু অ’টিটি প্লেয়াৰ হিচাপে ভাৰতত পৰিচিত হৈ ৰম।” এয়াৰটেলে এই অফাৰৰ জৰিয়তে ২০ নিযুত গ্ৰাহকৰ লক্ষ্য ৰাখিছে আৰু এয়াৰটেল এক্সষ্ট্ৰীম প্ৰিমিয়ামক গন্তব্যস্থানলৈ লৈ যোৱাৰ বাবে আৰু ভাৰতত ডিজিটেল মনোৰঞ্জনৰ বহুতো অ’টিটি প্লেয়াৰৰ সৈতে সহযোগিতা কৰা লক্ষ্য ৰাখিছে।”

Leave a Comment