অসমীয়াঅসমৰাষ্ট্ৰীয়

ভাল খবৰ! সুযোগ্য অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ পৰম বিশিষ্ট সেৱা মেডেল…

নিউজ ডেস্কঃ গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়ে প্রতি বছৰে ঘোষণা কৰা সেনাৰ পদকৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে অসমৰ ৬গৰাকী সেনা বিষয়া আৰু জোৱান।

এইবাৰ ভাৰত চৰকাৰৰ পৰম বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হৈছে ইষ্টাৰ্ণ কমাণ্ডাৰ, জিঅ’চি লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাক।

সুযোগ্য অসম সন্তানগৰাকীক প্ৰদান কৰা এই সন্মানে এতিয়া আনন্দৰ জোৱাৰ নমাইছে সমগ্ৰ অসমত।

উল্লেখ্য যে, লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ শান্তিপুৰত।

তেওঁ পিতৃ আদর্শবান শিক্ষক প্ৰয়াত যোগেন্দ্র কলিতা আৰু মাতৃ প্ৰয়াত ৰেনু কলিতা।

তেওঁ ভাৰতীয় সেনা বাহিনীত ১৯৮৪ চনৰৰ জুনত প্রথমে কুমাও ৰেজিমেণ্টত যোগদান কৰিছিল।

একালৰ গোৱালপাৰা সৈনিক স্কুল আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ ছাত্ৰ কলিতাই ইতিপূর্বে বিশিষ্ট কর্মদক্ষতাৰ বাবে ‘সেনা মেডেল’ আৰু দুবাৰ ‘বিশিষ্ট সেৱা মেডেল’ লাভ কৰিছে।

তদুপৰি দেশৰ হৈ আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ বাবে সন্মানীয় উত্তম যুদ্ধ সেৱা মেডেল, ‘অতি বিশিষ্ট সেৱা মেডেল’, ‘সেৱা মেডেল’, ‘বিশিষ্ট সেৱা মেডেল’, তিনি তাৰকাযুক্ত জেনেৰেল সন্মান লাভ কৰিছে ৰাণা প্ৰতাপ কলিতাই।

পিতৃৰ পদাংক অনুসৰণ কৰি তেওঁৰ পুত্ৰ কেপ্টেইন নিশান্ত কলিতাও ৯ কুমাও ৰেজিমেণ্টত যোগদান কৰিছে।

ইফালে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত ঘোষণা কৰা সেনাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ আন ৫ গৰাকী সেনা বিষয়া আৰু জোৱানে।

এইবাৰ বিশিষ্ট সেৱা মেডেল লাভ কৰিছে মাদ্ৰাজ ৰেজিমেণ্টৰ কৰ্নেল হীৰেন বৰাই।

আনহাতে সাহসিকতাৰ বাবে সেনা মেডেল লাভ কৰিছে ৪২নং ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ বিজয় বৈশ্য, গাৰোৱাল ৰাইফলছৰ মেজৰ ভাস্কৰ বৰা আৰু ৪২নং ৰাষ্ট্ৰীয় ৰাইফলছৰ দুই জোৱান পবিত্ৰ বড়ো আৰু সঞ্জিত ৰাভাই।