ভাল খবৰ! ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম জীয়ৰী জিণ্টিমণি কলিতাৰ…

অসমৰ ক্ৰীড়া প্ৰেমী ৰাইজলৈ এক ভাল খবৰ।

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম জীয়ৰীৰ।

১৯ অনুূৰ্ধ্ব ভাৰতীয় মহিলা ক্ৰিকেট দললৈ নিৰ্বাচিত মঙগলদৈৰ জিণ্টিমণি কলিতা।

বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় শৃংখলাত ভাৰতীয় ‘এ’ দলৰ হৈ অংশ ল’ব জিণ্টিমণিয়ে।

জিণ্টিমণিয়ে আগন্তুক ১৩ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

জিণ্টিমণি কলিতাই খেলিব ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক ব’ৰ্ডে অনুষ্ঠিত কৰিছে এই প্ৰতিযোগিতাখন।

প্ৰতিযোগিতাখনত ভাৰতৰ এ আৰু বি দুয়োটা দলে অংশগ্ৰহণ কৰিব।

জিণ্টিমণিৰ এই সফলতাত অসম ক্ৰিকেট সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছে।