অসম

দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত ল’লে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে…

দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত ল’লে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পাঠ কৰালে শপত বাক্য।

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ স্থলাভিষিক্ত হ’ল ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়।

মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ইউ ইউ ললিতৰ ৭৪ দিনীয়া কাৰ্যকাল ৮ নৱেম্বৰত সমাপ্ত হয়।

এতিয়া ন্যায়াধীশ চন্দ্ৰচূড় দুবছৰৰ বাবে অৰ্থাৎ ১০ নৱেম্বৰ ২০২৪ পৰ্যন্ত মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ থাকিব।

image 82

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰা ডি ৱাই চন্দ্ৰচূড়ৰ পিতৃও আছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। তেওঁ ৭ বছৰ ৪ মাহ সময় ধৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰি দীৰ্ঘ সময়ৰ বাবে কাৰ্যকাল সম্পন্ন কৰা মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হৈছিল।

২০১৬ চনৰ ১৩ মে’ত ডি ৱাই চন্দ্ৰচূড়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ ২০০০ চনৰ ২৯ মাৰ্চৰ পৰা ২০১৩ চনৰ ৩১ অক্টোবৰলৈ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।