ভাল খবৰ! দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান ‘খেলৰত্ন বঁটা’ লাভ কৰিব অসম কন্যা লাভলীনা বৰগোহাঁইয়ে…

পুনৰাৰ ইতিহাস ৰচনা কৰিবলৈ আগবাঢ়িছে অসম গৌৰৱ লাভলীনা বৰগোহাঁই।

অলিম্পিক বিজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোহাইয়ে লাভ কৰিব দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান।

ইয়াৰ লগে লগে দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান খেলৰত্ন লাভ কৰা দেশৰ প্ৰথমগৰাকী অসমীয়া হ’ব লাভলীনা বৰগোহাঁই।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে ঘোষণা কৰা ২০২১ বৰ্ষৰ ক্ৰীড়া বঁটাৰ তালিকাত লাভলীনাই স্থান লাভ কৰিছে।

তেওঁক আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যানন্দ খেলৰত্ন বঁটা।

ইয়াৰ পূৰ্বে লাভলীনাই লাভ কৰিছিল অৰ্জুন সন্মান।

লাভলীনাৰ লগতে নিৰজ চোপ্ৰা, ৰবি কুমাৰ সহ মুঠ ১২ গৰাকী এথলিটক দিয়া হ’ব খেল ৰত্ন বঁটা।

মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা খেলুৱৈসকল ক্ৰমে

নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি কুমাৰ (কুস্তি), লাভলীনা বৰগোহাঁই (বক্সিং), পিআৰ শ্ৰীজেশ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নাৰৱাল (পেৰা শ্বুটিং), মিতালী ৰাজ (ক্ৰিকেট), সুনীল ছেত্ৰী (ফুটবল), মনপ্ৰীত সিং (হকী)।

Image

অৰ্জুন বঁটা প্ৰদান কৰা হ’ব দেশৰ ৩৫ গৰাকী খেলুৱৈক।

আগন্তুক ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত খেলুৱৈকসকলক এই ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰা হ’ব।

Leave a Comment