অসম

অসমৰ আৰু দুই, তিনিটা সমষ্টিত ৰাইজে উপ নিৰ্বাচন বিচাৰেঃ মুখ্যমন্ত্ৰী…

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল উপ নিৰ্বাচনৰ ফলাফল।

আটাইকেইখন আসনতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় বিজেপি মিত্ৰজোঁটে।

ফলাফল ঘোষণা হোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ বাবে ৰাইজক ধন্যবাদ জনায়।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয়- প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপায়ন হ’ব। অভূতপূৰ্ব জনাদেশৰ বাবে ৰাইজক ধন্যবাদ।

লগতে কয় যে, অসমৰ আৰু দুই, তিনিটা সমষ্টিত ৰাইজে উপ-নিৰ্বাচন বিচাৰে। কালি নিশা ১০.৩০ বজালৈ ১০–১২ জন কংগ্ৰেছৰ বিধায়কে মোলৈ ফোন কৰিছিল। কেওজন বিধায়কে কংগ্ৰেছৰ পৰাজয় নিশ্চিত বুলি মোক জনাইছিল।

আমাৰ চৰকাৰখনৰ ওপৰত ৰাইজৰ আস্থা এই উপ নিৰ্বাচনে প্ৰতিপন্ন কৰিলে। বিজেপিক কেতিয়াও ভোট নিদিয়া মানুহে এইবাৰ ভোট দিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়-মানুহে আমাক জিৰণি ল’বলৈ ভোট দিয়া নাছিল আৰু আমিও জিৰণি ল’ব নিবিচাৰো।দূৰন্ত গতিত অসমৰ বিকাশৰ যাত্ৰাৰ লক্ষ্য লৈ আমি আগুৱাই যাম।

Leave a Reply

Your email address will not be published. Required fields are marked *