ভাল খবৰ! ঢেকীয়াপতিয়া বাঘৰ ফটো তুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ নেজিব…

নিউজ ডেস্কঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিল আন এগৰাকী অসম সন্তান।

এইবাৰ ফটোগ্ৰাফীৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন দৰঙৰ যুৱকৰ।

ফটোগ্ৰাফীৰ প্ৰতিযোগিতাত কনজাৰভেশ্যন শিতানত বিজয়ী অসমৰ ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ তথা কনজাৰভেশ্যনিষ্ট নেজিব আহমেদ।

উল্লেখ্য যে, নেজিব আহমেদৰ ঘৰ হৈছে দৰঙৰ দলগাঁৱত।

শেহতীয়াকৈ নেচাৰ ইন ফ’কাচৰ দ্বাৰা আয়োজন কৰা হৈছিল এক ফটোগ্ৰাফী প্ৰতিযোগিতাৰ।

nejib ahmed
ভাল খবৰ! ঢেকীয়াপতিয়া বাঘৰ ফটো তুলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ নেজিব… 2

এই প্ৰতিযোগিতাৰে কনজাৰভেশ্যন শিতানত জয়ী হয় নেজিব আহমেদ।

ঢেকীয়াপতিয়া বাঘৰ আতংকৰ ফটো তুলি জয়ী হয় নেজিব আহমেদ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছিল আহমেদৰ ফটো।

নেশ্যনেল জিঅ’গ্ৰাফী, চোনী, বিবিচি, চেঞ্চুৰী এছিয়া আদি বিভিন্ন চেনেলত প্ৰকাশ পাই আহিছে নেজিবে তোলা আলোকচিত্ৰ।

২০০৮ চনৰ পৰাই ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল নেজিব আহমেদে।