ভাল খবৰ! অসমৰ গামােচালৈ ভাৰত চৰকাৰৰ ভৌগােলিক সূচ্যাংক (GI) টেগ প্ৰদান

নিউজ ডেস্ক। অসমবাসীৰ বাবে এক ভাল খবৰ।

অসমীয়াৰ স্বাভিমান, পৰম্পৰা আৰু গৌৰৱৰ প্ৰতীক ‘গামোচা’লৈ ভৌগোলিক সুচ্যাংক ( ‘জি আই টেগ’ Geographical Indication Tag) প্ৰদান ভাৰত চৰকাৰৰ।

ভাৰত চৰকাৰৰ ভৌগোলিক সুচ্যাংক পঞ্জীয়কে ১৩ ডিচেম্বৰ ২০২২ তাৰিখে এই স্বীকৃতি প্ৰদান কৰে বুলি জানিব পৰা গৈছে।

photo 2022 12 14 08 31 02
ভাল খবৰ! অসমৰ গামােচালৈ ভাৰত চৰকাৰৰ ভৌগােলিক সূচ্যাংক (GI) টেগ প্ৰদান 2

উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে দীৰ্ঘদিনীয়া পৰিকল্পনাৰে অসমৰ শিপিনীসকলৰ হাতত প্ৰাণ পাই উঠা গামোচাৰ স্থায়ী তথা বিশ্বজনীন স্বীকৃতিৰ বাবে প্ৰচেষ্টা চলাই আহিছিল।

উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাত অসমৰ কাজিনেমু, জহা চাউল আৰু চকোৱা চাউলে ইতিমধ্যে এই স্বীকৃতি লাভ কৰিছে।

গামোচালৈ ভাৰত চৰকাৰে প্ৰদান কৰ জি আই টেগে অসমীয়া স্বকীয়তা, গৌৰৱোজ্জল ঐতিহ্য পৰম্পৰা আৰু স্বাভিমানৰ ধাৰাক বিশ্ববাসীৰ সন্মুখলৈ নতুন ৰূপত আগুৱাই নিব বুলি আশা কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই স্বীকৃতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

1 thought on “ভাল খবৰ! অসমৰ গামােচালৈ ভাৰত চৰকাৰৰ ভৌগােলিক সূচ্যাংক (GI) টেগ প্ৰদান”

Comments are closed.