গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত IPS দিগন্ত বৰা

নিউজ ডেস্ক। সলনি হ’ল গুৱাহাটীৰ আৰক্ষী আয়ুক্ত।

গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বত থকা ভাৰতীয় আৰক্ষী সেৱা (IPS) ৰ বিষয়া দিগন্ত বৰাক।

উল্লেখ্য যে মংগলবাৰে গৃহ বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে অসম আৰক্ষীৰ শীর্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰে।

1
গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত IPS দিগন্ত বৰা 4

জানিব পৰা মতে, শেহতীয়াভাৱে গুৱাহাটীত অস্বাভাৱিকভাৱে অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ লগতে অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিততে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত সলনি কৰা হয়।

উল্লেখ্য যে দিগন্ত বৰা ২০০৪ বেট্‌চৰ আই পি এছ বিষয়া।

ইফালে, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানৰ (সীমান্ত) দায়িত্বত থকা হৰমীত সিঙক বিশেষ সঞ্চালকপ্রধান (প্রশাসন) হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

3 1
গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত IPS দিগন্ত বৰা 5

ইফালে, গুৱাহাটীত ডি চি পিৰ (পূব) দায়িত্বত থকা সুধাকৰ সিঙক নলবাৰীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

একেদৰে নলবাৰীৰ আৰক্ষী অধীক্ষক পৰীন্দ্ৰ কুমাৰ নাথক নগাঁৱৰ জখলাবন্ধাৰ চেকনিত থকা দ্বিতীয় অসম বন সুৰক্ষা বাহিনী বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰা হয়।

শিৱসাগৰৰ লিগিৰীপুখুৰীস্থিত অসম আৰক্ষীৰ প্ৰথম বেটেলিয়নৰ অধিনায়ক সুৰজিৎ সিং পানেছাৰক গুৱাহাটী পূব জিলাৰ ডি চি পি হিচাপে বদলি কৰা হয়।

লগতে চাওকঃ

ভাল খবৰ! অসমৰ গামােচালৈ ভাৰত চৰকাৰৰ ভৌগােলিক সূচ্যাংক (GI) টেগ প্ৰদান

গামােচা
গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত IPS দিগন্ত বৰা 6