অসম

ভাল খবৰঃ বৃদ্ধি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ…

ৰাজ্য বাসীৰ বাবে্ এক ভলা খবৰ।

বৃদ্ধি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ।

অসম চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টাত নতুনকৈ ৪৫২ হেক্টৰ মাটিকালি অন্তৰ্ভুক্ত হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্র প্ৰকল্পত।

বিশ্বনাথ জিলাৰ মুনাবাৰী বাগিচাৰ ৪৫২ হেক্টৰ প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিৰ অনুমোদন জনালে ৰাজ্য চৰকাৰে৷

4UEGLGp

অন্তৰ্ভুক্তি সন্দৰ্ভত, মঙলবাৰে অসম চৰকাৰে এক জাননী প্ৰকাশ কৰাৰ কথা প্ৰকাশ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰা মতে, বিশ্বনাথ জিলাৰ ৪৫২ হেক্টৰ ভূমিত ১৯৬২ চনতে ভূমি সংৰক্ষণ বিভাগে বৃক্ষ ৰোপণ কৰিছিল আৰু মুনাবাৰীৰ সেই ঘন জংঘলত বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিভিন্ন কাৰণত ওলাই যোৱা বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছিল।

২০০৬ বৰ্ষত ৰাজ্যৰ বন বিভাগক সেই ভূমি হস্তান্তৰ কৰা হৈছিল যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতলৈ অহা নাছিল সেই ভূমি।

enBZZBV

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অসম চৰকাৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ হেতু সেই ভূমি প্ৰয়োজন বুলি অৱগত কৰাত অসম চৰকাৰে মুনাবাৰী বাগিচাৰ সেই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাপে ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *