অসমঅসমীয়া

ভাইৰেল অডিঅ’ক লৈ প্ৰতিক্ৰিয়া বিধায়ক অমিয় ভূঞাৰ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক লৈ ক’লে এইটাে কথা…

ৰাজ্যজুৰি চৰ্চিত হোৱা বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক অমিয় ভূঞাৰ ভাইৰেল কল ৰেকৰ্ডিঙক লৈ প্ৰথম প্ৰতিক্ৰিয়া।

উল্লেখ্য যে, বিধায়কগৰাকীয়ে নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্প কমল বৰুৱাক ফৌনিক ভাবুকি প্ৰদানৰ এটা অডিঅ’ ভাইৰেল হৈ পৰিছিল।

মাধৱদেৱ কলাক্ষেত্ৰৰ নির্মাণকাৰ্যত বাধা প্ৰদান কৰা কেইজনমান যুৱকক আটক কৰাৰ পিছতে বিধায়কগৰাকীয়ে আৰক্ষী বিষয়াজনলৈ ফোন কৰি পুলিচগিৰি নেদেখুৱাবলৈ সকীয়াই দিছিল। অন্যথা তেওঁৰ ৬০ হাজাৰ ভোটাৰে পিটিকা বনাই পেলাব বুলিও একপ্ৰকাৰ আৰক্ষী বিষয়াগৰাকীক ভাবুকি দিছিল বিধায়কজনে।

এই সন্দৰ্ভত দেওবাৰে সাংবাদিকে সোধা প্ৰশ্নত বিধায়ক অমিয় ভূঞাই কয়- নিজৰ লিমিটেশ্যনত থকাটো ভাল।

আনফালে মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেলত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কজনৰ সৈতে কথা পাতি বুজাইছোঁ বুলি মন্তব্য কৰিছিল।

বিধায়ক অমিয় ভূঞাক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কিয়, “মুখ্যমন্ত্ৰীয়ে বুজালে বুজিম। তাত কোনো সন্দেহ নাই। কিন্তু মোক বুজাবলগীয়া পৰিবেশৰ সৃষ্টি হোৱা নাই।”

আনহাতে বিহপুৰীয়া ৰাইজৰ বাবে সদায় বলিষ্ঠ কণ্ঠেৰে মাত মাতি যাব বুলিও সাংবাদিকৰ সন্মুখত মন্তব্য কৰে বিধায়ক অমিয় ভূঞাই।

লগতে চাওকঃ

আগতে যি কৰিলে কৰিলে, এতিয়া আৰু সেইবোৰ নকৰিব! নিজ দলৰ বিধায়কক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ, কিন্তু কিয়…

Leave a Reply

Your email address will not be published. Required fields are marked *