অসম

ড্ৰাগছসহ আৰক্ষীৰ অভিযানত আটক পিতা-পুত্ৰ…

তিনিচুকীয়াৰ জাগুনত ড্ৰাগছসহ আটক পিতা-পুত্ৰ ।

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান জাগুনৰ কথা চেমা গাঁৱত।

প্ৰায় ১৩ গ্ৰাম ড্ৰাগছ আৰু ৫ টাকৈ কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম পেঙেৰী আৰু লেখাপানী আৰক্ষী।

আটকাধীন দুই পিতা – পুত্ৰ ক্ৰমে অৰুণ নিৰ্মলিয়া আৰু ৰাহুল নির্মলিয়া।

এক নিৰ্ভৰযোগ্য সূত্ৰে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত পেঙেৰী আৰু লেখাপানী আৰক্ষীয়ে যোৱা নিশা অভিযান চলাইছিল ধৃত অৰুণ নিৰ্মলিয়াৰ ঘৰত আৰু আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় ১৩ গ্ৰাম ড্ৰাগছ সহ পাঁচোটাকৈ কন্টেনাৰ।

প্ৰকাশ্যে ভাষ্য অনুসৰি এই দুই পিতা- পুত্ৰই বহু দিন ধৰি চলাই আহিছিল মৰাত্মক ড্ৰাগছৰ ব্যৱসায়ী।

ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ী দুই পিতা পুত্ৰ লেখাপানী আৰক্ষীৰ জালত।

Leave a Reply

Your email address will not be published. Required fields are marked *