অসমঅসমীয়া

ভয়ঙ্কৰ পথ দুৰ্ঘটনাত দুই ভগ্নী ৰীতামিণ আৰু গীতামণিৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ঝলঙত ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী মহিলা, গুৰুতৰভাৱে আহত কেবাজনাে লােক।

জানিব পৰা মতে, ট্ৰাক, ৱেগন-আৰ আৰু স্কুটীৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

এএছ ০৬ ইউ ৯২৬৪ নম্বৰৰ ৱেগনআৰ বাহনখনক ২০৯ ট্ৰাক এএছ ২৩বি চি১২২১ নম্বৰৰ ট্ৰাকখনে অভাৰট্ৰেক কৰিবলৈ যাওঁতে এএছ ৩৩ ৫৪০৯ নম্বৰৰ স্কুটীখনক খুন্দা মৰাৰ ফলত উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত নিহত মহিলা দুগৰাকী মৰাণ বিজুলী নগৰৰ গীতামণি গগৈ (৩৮) আশাকৰ্মী আছিল আৰু আনগৰাকী মৰাণ সেউজ স্কুলৰ ৰীতামণি দাস।

নিহত দুয়োগৰাকী সম্বন্ধীয় ভগ্নী আছিল।

আনহাতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাহয় বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

গৃহমন্ত্ৰীকে ধৰি দেশৰ বহু VVIP ৰ নিৰাপত্তাৰ দায়িত্বত এইবাৰ CRPF ৰ মহিলা কমাণ্ডো!

Leave a Reply

Your email address will not be published. Required fields are marked *