নিউজ ডেস্কঃ সন্মুখত হঠাৎ উপস্থিত হোৱা বাইক আৰোহীক বচাবলৈ গৈয়ে দুৰ্ঘটনাত পতিত হ’ল এখন ফৰ্চুনাৰ বাহন।
মঙলবাৰে নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
জানিব পৰা মতে, নলবাৰীৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AS 01EA 0920 নম্বৰৰ ফৰ্চুনাৰ বাহনখনৰ সন্মুখত হঠাৎ উপস্থিত হয় এখন বাইক।
বাইক আৰোহীক বচাবলৈ ফৰ্চুনাৰ চালকে আকস্মিকভাৱে গাড়ীৰ ষ্টিয়েৰিং কাটোটেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ডিভাইডাৰৰ ওপৰত উঠি যায় বাহনখন।
এই দুৰ্ঘটনাত দুজন আৰোহী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত ব্যক্তি দুজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।









