ভয়ংকৰ পথ দুৰ্ঘটনা! দ’ খাৱৈত পৰিল যাত্ৰীবাহী টাটা চুম’ বাহন, মহিলাসহ ১২ জন নিহত…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

দ’ খাৱৈত পৰিল যাত্ৰীবাহী টাটা চুম বাহন।

দুৰ্ঘটনাটোৰ ফলত নিহত হৈছে দুই মহিলাসহ ১২ জনকৈ লোক।

শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঙত হৈছে আন তিনিজনকৈ লোক।

জানিব পৰা মতে, ১৭ জন যাত্ৰী কঢ়িয়াই অনা এখন টাটা চুম’ বাহনে আবেলি প্ৰায় ৪ বজাত যোশীমঠ অঞ্চলৰ উৰ্গাম পালা জাখোলা পথত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৩০০ মিটাৰ দ’ খাৱৈত পৰি যায়।

চামোলীৰ এছ পি প্ৰমেন্দ্ৰ দোভালে জনোৱা অনুসৰি, যাত্ৰীসকলে পাল্লা জাখোল গাঁৱৰ পৰা যোশীমঠলৈ যাত্ৰা কৰিছিল।

দুৰ্ঘটনাটোৰ ফলত মৃত্যুক আকোৱালি লোৱা মৃতসকলৰ বেছিভাগেই কিমানা, কালকোট, ডুমাক আৰু পাল্লা গাঁৱৰ বুলি প্ৰশাসনে সদৰি কৰিছে।

ইতিমধ্যে মৃতদেহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফে।

ইপিনে মুখ্যমন্ত্ৰী পুষ্কৰসিং ধামীয়ে দুৰ্ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে মৃতকৰ আত্মীয়ক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল।