ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল যাত্ৰীবাহী বাছ, কমেও ১৭ জনৰ মৃত্যু…

নিউজ ডেস্কঃ ভয়ংকৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত মৃত্যু কমেও ১৭ জন লোক।

দেওবাৰে পুৱাই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় বাংলাদেশৰ ঢাকাৰ মাদাৰীপুৰৰ এক্সপ্ৰেছৱেত।

নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছখন পথৰ পৰা আঁতৰি খাৱৈত বাগৰি পৰাত ঘটনাস্থলীতে মৃত্যু ঘটে ১৭ জন যাত্ৰীৰ।

ইফালে দুৰ্ঘটনাত আহত হৈছে আন ৩০ জন।

আহত সকলৰ কেইবাজনৰো অৱস্থা সংকটজনক হোৱাৰ পৰিপ্ৰেক্ষিতত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

জানিব পৰা মতে, ইমাদ পৰিবহনৰ দ্বাৰা পৰিচালিত বাছখনে যাত্ৰী কঢ়িয়াই পুৱা ৭.৩০ বজাত ঢাকা অভিমুখে গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

যান্ত্ৰিক বিজুতিৰ বাবে বাছখন নিয়ন্ত্ৰণহীন হৈ খাৱৈত বাগৰি পৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।