অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ দুৰ্ঘটনা! ৬মহীয়া শিশুসহ ৩ জনৰ মৃত্যু, আহত ৬ জন

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত বুধবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় এটি ৬ মহীয়া শিশুসহ তিনিজনে।

ভয়ংকৰ দুৰ্ঘটনাটোত আন ৬ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

Agra-Lucknow expressway: 3 killed in road accident on Agra-Lucknow  Expressway | Agra News - Times of India


আৰক্ষীয়ে সদৰী কৰা মতে, ৰাজস্থানৰ পালিৰ নিৱাসী লোককেইজনে লক্ষ্ণৌ হৈ আগ্ৰালৈ আহি থকাৰ সময়তে নিশা সংঘটিত হয় দুৰ্ঘটনা।

নিশা উন্নাওৰ বাংগাৰমাউ কোটৱালী অঞ্চলত আন এখন বাহনক অভাৰট্ৰেক কৰিবলৈ লওতেই তেওঁলোকে যাত্ৰা কৰা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।

যাৰ ফলত শিশুসহ ৩ জনৰ ঘটনাস্থলীতে মৃত্যুৰ ঘটাৰ বিপৰীতে আন ৬ জন গুৰুতৰভাৱে আহত হয়। আহত সকলক পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

unnao accident

নিহত সকলক চিন্তন, পৱন আৰু ৬ মহীয়া খ্যাতি বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত সকলৰ পৰিচয় ক্ৰমে- ৰামমিলন, শান্তি দেৱী, মুকেশ, কুসুম, লক্ষ্মী আৰু গীতা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত আহত আৰু নিহত আটাইকেইজনৰ ঘৰ ৰাজস্থানৰ পালি সুমেৰপুৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *