অসম

ভয়ংকৰ দুৰ্ঘটনা! ছুইফ্ট আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৫জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ছুইফ্ট আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৫জন লোক।

দৰঙৰ বেছিমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ছুইফ্ট ডিজায়াৰখনৰ ৫জনকৈ আৰোহী।

আনহাতে, দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিজন লোক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

উল্লেখ্য যে, গুৱাহাটীমুখী দুৰ্ঘটনাগ্ৰস্ত ছুইফ্টখনৰ নম্বৰ AS-07G- 6794 ।

আনহাতে তেজপুৰ অভিমুখী ট্ৰাকখনৰ ন্মবৰ AS-13 CC-1002 ।

আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *