অসম

একনায়কত্ববাদ চলিছে অসমত; ৰাষ্ট্ৰপতি শাসন নহয়, অসমত চলিছে মুখ্যমন্ত্ৰীৰ শাসনঃ ভূপেন বৰা…

একনায়কত্ববাদ চলিছে অসমত, ৰাষ্ট্ৰপতি শাসন নহয় অসমত চলিছে মুখ্যমন্ত্ৰীৰ শাসন।

এই অভিযোগ উত্থাপন কৰf:s অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই।

ভূপেন বৰাৰ কয়- মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত উৰিছে, বাকী মন্ত্ৰীয়ে মাটিত খোজ কাঢ়ি ঘূৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা মঞ্চত মন্ত্ৰীক যেনেকৈ গালি দিয়ে তেনেকৈ কংগ্ৰেছৰ দিনত চকীদাৰ, পিয়নেও গালি খোৱা নাছিল।

উপ-নিৰ্বাচনৰ ফলফল প্ৰসংগত বৰাই কয় যে, পাঁচখন আসনতে ভাল ফলাফল আশা কৰিছে কংগ্ৰেছে।

আনহাতে দুখন আসনত কংগ্ৰেছৰ জয় নিশ্চিত বুলি উল্লেখ কৰি তেওঁ উপ নিৰ্বচনত জয়ী হ’লে ক্ৰেডিট দলীয় কৰ্মীযে পাব, হাৰিলে সকলো দায়িত্ব সভাপতিয়ে নিজে মূৰ পাতি ল’ব বুলি সদৰী কৰে।

উল্লেখ্য যে, দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেওবাৰৰ মৃত্যুতিথি আৰু প্ৰাক্তন গৃহমন্ত্ৰী বল্লভ ভাই পেটেলৰ জন্মদিনত কংগ্ৰেছে দিনজোৰা কাৰ্যসূচী পালন কৰে। 

অনুষ্ঠানত জ্যেষ্ঠ নেতা শৰৎ বৰকটকী, নুৰজামাল চৰকাৰ, ৰেকিবুদ্দিন আহমেদ, বলিন কুলী প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *